ব্ৰেকিং নিউজ

অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাৰ মধ্য প্ৰদেশলৈ বদলি

Sentinel Digital Desk

অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাৰ মধ্য প্ৰদেশলৈ বদলি । শুকুৰবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাক দীৰ্ঘ কাল সময়ৰ বাবে মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ জাৰি কৰিলে । ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দায়িত্বত আছিল ।

তথ্য অনুসৰি সুৰক্ষা জনিত কাৰনৰ বাবে এই সিদ্ধান্ত লৈছে উচ্চতম ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ইতিমধ্যে বদলিৰ কাৰন উল্লেখ কৰা নাই যে কি কাৰনে ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাক মধ্য প্ৰদেশলৈ বদলি কৰা হৈছে । ৰাজ্যিক সমন্বয় গৰাকীক ৭ দিনৰ ভিতৰত বদলি কৰিব লাগিব বুলিও নিৰ্দেশ দিয়া হয় ।

লগতে তেওঁ কয় যে কিছুমান নিৰ্দেশ কোনো ধৰনৰ কাৰন নোহোৱাকৈ লোৱা হয় । যি নহওক এতিয়ালৈকে বদলিৰ কাৰন প্ৰকাশ পোৱা নাই যদিও হাজেলাৰ জীৱনৰ প্ৰতি ভাবুকি নামি অহাৰ শংকা প্ৰকাশ কৰি এই নিৰ্দেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে ।

এটৰনি জেনেৰেল কে কে বেনুগোপালে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পৰা ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাৰ বদলিৰ প্ৰকৃত কাৰন জানিব বিচাৰে । হাজেলাই উচ্চতম ন্যায়ালয়ত এক গোপন তথ্য প্ৰস্তুত কৰিছিল আৰু সম্ভাৱত সেই গোপন তথ্যতেই হাজেলাই তেওঁৰ বদলিৰ কথা উল্লেখ কৰিছিল ।

উল্লেখযোগ্য যে ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পিছত বহু দল সংগঠনৰ লগতে একাংশ জনসাধাৰণে অসন্তুষ্টি প্ৰকাশ কৰিছে। ২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা প্ৰায় ১৯ লাখ মানুহৰ নাম বাদ পৰিছিল ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলা ১৯৯৫ বৰ্ষৰ অসম - মেঘালয় কেডাৰৰ আই এ এছ বিষয়া । প্ৰতীক হাজেলা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমন্বয়কৰ দায়িত্বত আছিল ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাক বদলিৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ , ন্যায়াধীশ এছ এ ববডে আৰু ৰহিনতন নৰিমনৰ বিচাৰপীঠে ।

ভিডিঅ প্ৰতক্ষ্য কৰক : BJP organized Gandhi Sankalpa Zatra at Naharkatia