ব্ৰেকিং নিউজ

উন্নাওৰ ধৰ্ষনৰ গোচৰত প্ৰাক্তন বি জে পি বিধায়ক কুলদীপ সেংগাৰক দোষী সাব্যস্ত

Sentinel Digital Desk

উন্নাওৰ ধৰ্ষনৰ গোচৰত প্ৰাক্তন বি জে পি বিধায়ক কুলদীপ সেংগাৰক দোষী সাব্যস্ত। উন্নাও ৰ ধৰ্ষন কাণ্ডত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন বিধায়ক কূলদীপ সিং সেংগৰক চি বি আইৰ বিশেষ আদালতে সোমবাৰে দোষী সাব্যস্ত কৰে। ১৬ ডিচেম্বৰ তাৰিখে আদালতে এই সিদ্ধান্ত গ্ৰহন কৰে । অন্যহাতে শচী সিঙক আদালতে মুকলি কৰি দিয়ে ।

২০১৭ চনত উন্নাওত কিশোৰী ধৰ্ষনৰ ঘটনা সংঘটিত হৈছিল। জানিব পৰা মতে ২০১৭ চনত এগৰাকী কিশোৰীক অপহৰণ কৰাৰ পিছত কিশোৰী গৰাকীক ধৰ্ষন কৰা হৈছিল । তেতিয়া কিশোৰী গৰাকীৰ বয়স ১১ বছৰ আছিল ।জানিব পৰা অনুসৰি ধৰ্ষনৰ পিছত কিশোৰী গৰাকীক তেওঁৰ পৰিয়ালক হত্যা কৰাৰ ভাবুকি দিছিল ।

ঘটনাৰ ওপৰত গোচৰ ৰুজু হোৱাৰ পিছত ৯ আগষ্টত আদালতে কুলদীপ সেংগাৰ আৰু শছী সিঙৰ বিৰুদ্ধে অপৰাধিক ষড়যন্ত্ৰৰ, অপহৰণ আৰু ধৰ্ষনৰ আৰোপ লগোৱা হৈছিল ।