ব্ৰেকিং নিউজ

আজি গুৱাহাটী পাবহি অমিত শ্বাহ

Sentinel Digital Desk

আজি নিশা গুৱাহাটী পাবহি বিজেপি সভাপতি অমিত শ্বাহ। নিশা প্ৰায় ৯.৩০ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হবহি অমিত শ্বাহ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত দাসে বিমানবন্দৰত আদৰণি জনোৱাৰ পিছত আৱৰ্ত ভৱনত নিশাটো কটাব বিজেপি সভাপতি জনে। ২৮ নবেম্বৰত মিজোৰামত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ কাইলৈ মিজোৰামলৈ ৰাওনা হব বিজেপি সভাপতি অমিত শ্বাহ।