ব্ৰেকিং নিউজ

আজি জেৰা কৰিব নিলম্বিত উপ আৰক্ষী অধীক্ষক সবিতা দাসক

Sentinel Digital Desk

নগাওঁ আৰক্ষী থানাত উপস্থিত হৈছে নগাঁৱৰ নিলম্বিত উপ আৰক্ষী অধীক্ষক সবিতা দাস ৷ আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল নগাওঁ আৰক্ষীয়ে ৷ সবিতা দাসক জেৰা কৰাৰ পাছতে আটক কৰাৰো সম্ভাৱনা আছে।

নগাঁও জিলাৰ পানীগাঁও অঞ্চলৰ সৌৰভ হাজৰীকা নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক সবিতা দাসক নিলম্বন কৰা হৈছিল । অসম আৰক্ষীৰ নিজাববীয়া অনুসন্ধানত অভিযোগ সত্য প্ৰমানিত হলত শীৰ্ষ মহলে নিলম্বনৰ নিৰ্দেশ দিছিল ।

সৌৰভ হাজৰীয়াই জনোৱা মতে তেওঁ ৩১ আগষ্টৰ নিশা কেইজনমান বন্ধুৰ লগত ঘৰৰ সন্মূখত কথা পাতি থাকোতে সবিতা দাসে তেওঁৰ গাড়ী খনৰ লগতে গোটেইকেইজনকে উঠাই লৈ যায় । পাছদিনা তেওঁলোকক মুকলি কৰি দিয়ে যদিও গাড়ীৰ নথি-পত্ৰ ৰাখি থয় । আৰক্ষী থানাৰ কৰ্মচাৰী জ্যোতি খাওণ্ড নামৰ ব্যক্তিজনৰ সহায়ত সবিতা দাসে নথি-পত্ৰ খিনিৰ বিনিময়ত ৪০,০০০ টকা দাবী কৰিছিল ।