ব্ৰেকিং নিউজ

আদালতত হাজিৰ ডকমকা কাণ্ডৰ অভিযুক্তক

Sentinel Digital Desk

আজি নগাঁও জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে ডকমকা কাণ্ডৰ ৪৭ অভিযুক্তক । আজিৰে পৰা দ্ৰুত আদালতত আৰম্ভ হ’ব বিচাৰ প্ৰক্ৰিয়া। ৮ জুনত এদল অন্ধবিশ্বাসী লোকে সোপাধৰাৰ সন্দেহত নৃশংসভাৱে হত্যা কৰিছিল গুৱাহাটীৰ দুই যুৱক নীলোত্‍পল দাস আৰু অভিজিত্‍ নাথক। প্ৰকৃতিৰ মনোৰম বৈভৱ উপভোগ কৰিবলৈ গৈ কাৰ্বি আংলঙৰ ডকমকাত আধুনিক মানুহৰ বৰ্বৰতা, নৃশংসতাৰ বলি হ'ব লগা হৈছিল যুৱ শিল্পী নীলোতপল দাস আৰু অভিজিত নাথ । সমগ্ৰ দেশৰ লগতে বিদেশতো তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা ডকমকা কাণ্ডৰে জড়িত নৰপিশাচ কেইটাই আজিও পোৱা নাই উপযুক্ত শাস্তি । মানুহৰ নামত কলংক নৰপিশাচ কেইটাৰ চৰম শাস্তি বিচাৰিছে বিভিন্নজনে ।