ব্ৰেকিং নিউজ

এনআৰচি সন্দৰ্ভত সকলো নাগৰিকৰ দাবী উত্থাপন কৰাৰ অধিকাৰ আছে : প্ৰতীক হাজেলা

Sentinel Digital Desk

এনআৰচি চূড়ান্ত খচৰা প্ৰকাশৰ বাবে মাত্ৰ দুদিন বাকী থকা অৱস্থাত এনআৰচিৰ ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলাই কয় যে আমাৰ পৰিকল্পনা অনুসৰি ৩০ জুলাইত এনআৰচিৰ চূড়ান্ত খচৰা খন প্ৰকাশৰ বাবে সাজু হৈছো।এনআৰচিৰ চপা পত্ৰ সমূহ এনআৰচিৰ সেৱা কেন্দ্ৰত উপলব্ধ হব।হাজেলাই লগতে কয় প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ পৰা কটা নাযায়।কিবা কাৰনত যদি কিবা তথ্য ভুলকৈ ছপা হলে,প্ৰকৃত ভাৰতীয় নাগৰিকে চিন্তা কৰাৰ প্ৰয়োজন নাই,এইখন এখন খচৰাহে,প্ৰকাশৰ পাছত সকলো লোকে দাবী উত্থাপন কৰাৰ সুযোগ লাভ কৰিব। এনআৰচিৰ সেৱা কেন্দ্ৰসমূহত দাবী জনোৱাৰ সুবিধা থাকিব।