ব্ৰেকিং নিউজ

এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে আত্মহত্যা

Sentinel Digital Desk

বাক্সা জিলাৰ তামুলপুৰ অঞ্চলৰ ডিমিলাপাৰত এক আত্মহত্যা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে ভীতিগ্ৰস্ত হৈ আত্মহত্যা বিনয় চন্দ নামৰ এজন লোকৰ। বিনয় চন্দৰ মাতৃ শান্তী চন্দৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত এবছৰ পূৰ্বৰে পৰা ৰুজু হৈছিল এটা গোচৰ। প্ৰকৃত ভাৰতীয় নাগৰিক হৈও সন্দেহজনক নাগৰিকৰ গোচৰটো নিষ্পত্তি নোহোৱাত মানসিক ভাৰসাম্য হেৰুৱাই লোকজনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।