ব্ৰেকিং নিউজ

কামপুৰত উৱলি যোৱা মৃতদেহ উদ্ধাৰ

Sentinel Digital Desk

নগাওঁ জিলাৰ কামপুৰ কাকতি গাওঁ হাৰিয়া নদীত এজন লোকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হৈছে।মৃতদেহটো কামপুৰ তেতেলীসৰা অঞ্চলৰ চন্দন দাস নামৰ লোকজনৰ বুলি চিনাক্ত কৰা হৈছে ।দেওবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ অাছিল চন্দন দাস ।কামপুৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে থানালৈ লৈ আনে ।ইতিমধ্যে কামপুৰ আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত অভিযান আৰম্ভ কৰিছে।