দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতে কামৰূপৰ বংশৰত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন । পথৰ দাঁতিত পৰি থকা ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ নাৰায়ণ ডেকা নামৰ এজন লোকে মৃত্যুক সাৱটি লয়।
উল্লেখ্য যে, জৰাজীৰ্ণ হৈ যোৱা বিদ্যুতৰ তাঁৰ, খুটা বছৰ বছৰ ধৰি মেৰামতি নকৰে বিদ্যুৎ বিভাগে । বিভাগীয় গাফিলতিৰ বাবেই এতিয়া ৰাজ্যত সঘনে বিদ্যুতে প্ৰাণ কাঢ়িছে বহু লোকৰ । কিন্তু ইয়াৰ পিচতো যেন কুম্ভকৰ্ণ নিদ্ৰাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী তথা বিভাগীয় মন্ত্ৰী তপন গগৈ ।