ব্ৰেকিং নিউজ

খেৰনিত বন্যহস্তীৰ আক্ৰমনত মহিলাৰ মৃত্যু

Sentinel Digital Desk

পশ্চিম কাৰ্বিআংলং জিলাৰ খেৰনি আৰক্ষী থানাৰ অন্তৰ্গত মাউলৌ বস্তিত বন্যহস্তীৰ আক্ৰমনত এগৰাকী মহিলাই এক কৰুণ মৃত্যুক সাৱতি লবলগীয়া হৈছে। মৃত মহিলা গৰাকী মাউলৌ বস্তি নিবাসী দিনবন্ধু চৌহানৰ পত্নী সুখীয়া দেৱী বুলি জানিব পৰা গৈছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা প্ৰায় ২৫ জনীয়া বনহস্তীৰ এটা বৃহৎ জাকে কুঁহিয়াৰ খেতি এফালৰ পৰা লণ্ড-ভণ্ড কৰি নষ্ট কৰে। বন্যহস্তীৰ তাণ্ডৱত নিদ্ৰা বিহীন ৰজনী পাৰ কৰিবলগীয়া হৈছে মাউলৌ বস্তীৰ ৰাইজে।