ব্ৰেকিং নিউজ

গহপুৰত শ্বহীদ কনকলতা বৰুৱা আৰু শ্বহীদ মুকুন্দ কাকতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Sentinel Digital Desk

আজি শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ কনকলতা বৰুৱা আৰু শ্বহীদ মুকুন্দ কাকতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।ঐতিহাসিক ১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল ব্যাপক আলোড়ন।

বৃটিছ শাসনৰ পৰা মুক্তি বিচাৰি মহাত্মা গান্ধীৰ নেতৃত্বত স্বতঃস্ফুত ভাবে ওলাই আহিছিল সাধাৰণ জনতা । অসমতো সেই আন্দোলনৰ ঢৌৱে বাৰুকৈয়ে প্ৰভাব পেলাইছিল আৰু সেই ৪২ৰ গণ বিপ্লৱত বৃটিছৰ বিৰুদ্ধে যুঁজ দিবলৈ ওলাই অহিছিল বহু অসমীয়া মুক্তিকামী । বীৰ আৰু সাহসৰ প্ৰতিক গহপুৰৰ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়েও বুকুৰ কেঁচা তেজেৰে নৱ ভাৰতৰ স্বাধীনতাৰ ৰাজবাট ৰাঙলী কৰি তুলিছিল ।

আজিৰ এই বিশেষ দিনটোতে সেই সকল বীৰ শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণাম জনোৱাৰ উদ্দেশ্যে গহপুৰ মহকুমা ছাত্ৰ সন্থাই অনুষ্ঠিত কৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । উক্ত অনুষ্ঠানত উপস্থিত থাকে গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক ধ্ৰুৱজোতি বৰা পূৱ ছয়দুৱাৰ অাঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্ঠা বিক্ৰমজিৎ ভূঞা অাৰু গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ বিভিন্ন বিষয় বৱিয়া সকল।