ব্ৰেকিং নিউজ

গুৱাহাটী বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত গৱেষক ছাত্ৰক আটক

Sentinel Digital Desk

গুৱাহাটী বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত আজি অসম আৰক্ষীয়ে আন এজনক আটক কৰে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ (২০১৬-১৭) ৰ প্ৰাক্তন সভাপতি সঞ্জীৱ তালুকদাৰক বাইহাতা চাৰিআলিৰ পৰা আটক কৰে। বোমা বিস্ফোৰণত বিজয় অসমৰ লগত জড়িত আছিল আছিল বুলি সন্দেহ কৰা হৈছে ।

ফেচবুক প্ৰফাইলৰ মতে সঞ্জীৱ তালুকদাৰ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ এজন প্ৰজেক্ট বিজ্ঞানী । লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজন সদস্য ।

The Sentinel Digital ক আৰক্ষী অধীক্ষক দিপক কুমাৰে জনাই যে," সঞ্জীৱ তালুকদাৰক বাইহাতা চাৰিআলিৰ পৰা আটক কৰা হৈছে। তেওঁ উদ্ভদ বিজ্ঞান বিষয়ত এমফিলৰ পৰীক্ষা দিছিল শেহতীয়াকৈ । গুৱাহাটীৰ " মচন কচিং চেন্টাৰত " তেওঁ শিক্ষক হিচাপে কাম কৰি আছিল ।

লগতে প্ৰকাশ কৰে যে গনেশগুৰিৰ পৰা জালুকবাৰীলৈকে বিজয় অসমক লৈ যোৱাত সহায় কৰিছিল । তেওঁক সোধপোছ অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে।

গুৱাহাটী বোমা বিস্ফোৰণত বৰ্তমানলৈকে ৭ জন লোকক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

১৫ মেত জো- ৰোডৰ চেন্ট্ৰেল মলৰ সমিপত সংঘটিত হৈছিল বোমা বিস্ফোৰণটো । বিস্ফোৰণত ১২ জনকৈ লোক আহত হৈছিল ।

গ্ৰেপ্তাৰ কৰা আন লোককেইজন হৈছে জাহ্নৱী শইকীয়া,প্ৰাণময় ৰাজগুৰু,চিন্ময় লহকৰ, বিজয় অসম ,ইন্দ্ৰ মোহন বৰা আৰু অমিত বল্লভ গোস্বামী ৷১৫ মে’ত গুৱাহাটীৰ গনেশগুৰিত হোৱা গ্ৰণেড বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ২১ মেত| আৰক্ষীৰ তথ্য অনুসৰি বিজয় অসমে গ্ৰেণেড বিস্ফোৰণ প্ৰাকমূহুৰ্তত অভিনেত্ৰী জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুৰ লগত আলোচনাত মিলিত হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি