ব্ৰেকিং নিউজ

গুৱাহাটীত বিশ্ব ঐতিহ্য সপ্তাহ পালন

Sentinel Digital Desk

সোমবাৰে অসম পুৰাতত্ব সঞ্চালকালয়ৰ উদ্যোগত বিশ্ব ঐতিহ্য সপ্তাহৰ লগত সংগতি ৰাখি অসম প্ৰশাসনিক বিষয়া মহাবিদ্যালয়ৰ ( Assam Administrative stuff college) চেমিনাৰ ভৱনত ভাৰতৰ প্ৰত্নতাত্বিক ঐতিহ্য আৰু সংৰক্ষণ: সম্ভাৱনা আৰু প্ৰত্যাহবান শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ অলোচনা চক্ৰ অনুষ্ঠিত হয় । বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত ভাৰতবৰ্ষৰ

ভালে কেইজন পূৰাতত্ববিদ উপস্থিত থকাৰ লগতে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাও উপস্থিত থাকে

সভাত।

সভাত অতুল বৰাই অসমৰ আহোম, কোচ, কছাৰী আদি ৰাজ্যৰ বিভিন্ন পৌৰাণিক কীৰ্তিস্তম্ভ সমূহ সংৰক্ষণ এতিয়াও বহু পিছ পৰি আছে বুলি উল্লেখ কৰাৰ লগতে বৃহত্তৰ অসমীয়া জাতিৰ চিনাকী হিচাপে বুৰঞ্জী প্ৰসিদ্ধ ঠাই সমূহৰ বাবে কৰণীয় কাম এতিয়াও বাকী আছে বুলি কয়।

১৯ নবেম্বৰৰ পৰা ২১ নবেম্বৰলৈ চলিবলগীয়া এই অনুষ্ঠানত অসমৰ বহু কেইখন বিশ্ববিদ্যালয়ৰ লগতে বিদেশৰো ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।