ব্ৰেকিং নিউজ

গোলাঘাটত ধোদৰআলি অৱৰোধ কৰি প্ৰতিবাদ ৰাইজৰ

Sentinel Digital Desk

গোলাঘাটত খুমটাইৰ শাওঁতলী চাৰিআলিত উত্তপ্ত পৰিস্থিতি ৷ ধোদৰআলি অৱৰোধ কৰি উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ ৷ এখন বিলক কেন্দ্ৰ কৰি এই প্ৰতিবাদ ৷ ধোদৰআলি অৱৰোধৰ ফলত শ-শ যান বাহন আবদ্ধ হৈ পৰে ঘাইপথটোত ৷ স্থানীয় ৰাইজৰ অভিযোগ শাওঁতলী গাওঁ পঞ্চায়তৰ ১০নং ৱাৰ্ডৰ অন্তগত শাওঁতলী বিলখন বহু দিন ধৰি এখন সমিতি আৰু স্থানীয় ৰাইজে বিলখন পৰিচালনা কৰি আহিছিল ৷ কিন্তু কিছু দিনৰ পৰা কিছুমান ৰাজনৈতিক নেতাই এই বিলখন চক্ৰান্তমূলকভাবে দখল চলাইছে ৷ যাৰ কাৰণে বুধবাৰে শাওঁতলীৰ ৰাইজ ওলাই আহিল ৰাজপথলৈ ৷ প্ৰায় ২ঘণ্টাৰো অধিক সময় পথ অৱৰোধ কৰাৰ পিছত সেই প্ৰতিবাদস্থলীত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে আৰু খুমটাই ৰাজহ চক্ৰ বিষয়া মনিকা বৰা উপস্থিত হৈ বিষয়টো মীমাংসা কৰাৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদকাৰী শান্ত হয় ৷ উল্লেখ্য যে এই বিলখনক লৈ আগতেও এইধৰণৰ প্ৰতিবাদ কৰি আহিছে যদিও আজিপৰ্য্যন্ত কোনো সুফল নোপোৱাৰ অভিযোগ শাওঁতলীবাসীৰ ৷