নগাঁও জিলাৰ কামপুৰৰ বকুলগুৰিত কপিলী নদীৰ গৰাখহনীয়াত কামপুৰ-পশ্চিম কাৰ্বি আংলং জিলা সংযোগী গড়কাপ্তানী পথছোৱা সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে আতংকিত ৰাইজে ভাঙি পেলাব লগা হৈছিল নামঘৰ । কপিলীৰ এই বান খহনীয়াৰ স্থায়ী সমাধানৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে পুৱাৰে পৰা উক্ত স্থানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ কৰে । প্ৰতিবাদকাৰী সকলে জলসম্পদ বিভাগ আৰু চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে বকুলগুৰিৰ পৰিৱেশ উত্তপ্ত কৰি তোলে । পিছত প্ৰতিবাদস্থলীত কামপুৰ ৰাজহ চক্ৰ বিষয়া ৰশ্মি বৰুৱা গগৈ আৰু নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত দুলাল দেৱনাথ আৰু কামপুৰ আৰক্ষী উপস্থিত হয় । প্ৰতিবাদকাৰী আৰু চৰকাৰী বিষয়াৰ মাজত কিছুসময় বাকযুদ্ধ চলে যদিও পিছত পৰিস্থিতি শান্ত হয় আৰু প্ৰতিবাদৰ অন্ত পৰে । প্ৰতিবাদকাৰী সকলে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।