বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক তথা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সংগী কল্পনা লাজমীৰ আৰু নাই । মুম্বাইৰ কোকিলাবেন হাস্পতালত পুৱতি নিশা ৪.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে লাজমীয়ে ।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৪ বছৰ।বহুদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা গৰাকী।শেহতীয়াকৈ লাজমীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ সম্পৰ্কৰ ভিত্তিত লিখি উলিয়াইছিল ‘ভূপেন হাজৰিকা এজ আই নিউ হিম’ শীৰ্ষক গ্ৰন্থখন। ভূপেন হাজৰিকাৰ জন্মদিনত ৮ ছেপ্টেম্বৰত উন্মোচন হৈছিল উক্ত গ্ৰন্থখন।