ব্ৰেকিং নিউজ

চিয়াঙৰ চাপৰিত আবদ্ধ ১৯ জন লোক

Sentinel Digital Desk

ক্ৰমাৎ পানী বৃদ্ধি পাইছে চিয়াংত । চীনে আজি পুৱা ভাৰত চৰকাৰলৈ পুনৰ প্ৰেৰণ কৰিছে সৰ্তকবাণী । ইতিমধ্যে ভাৰতীয় বায়ু সেনা বাহিনীয়ে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। সেনা বাহিনীয়ে চিয়াং নদীৰ কাষৰীয়া অঞ্চলৰ পৰা শুকুৰবাৰে ১৯ জন লোকক উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰা এই লোকসকল ইতিমধ্যে বিমান যোগে আহি পাচিঘাটৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডত উপস্থিত হৈছে।

উল্লেখ্য যে, চাংপো নদীত হোৱা বৰষুণৰ ফলত চীনে তিনিটা নদী বান্ধৰ পানী খুলি দিয়াৰ ফলতে উদ্ভৱ হৈছে এই পৰিস্থিতিৰ । এতিয়াও প্ৰায় ৩০জন লোক চিয়াং নদীৰ পাৰত বন্দী হৈ আছে । এই লোকসকলৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে ভাৰতীয় বায়ু সেনা বাহিনীয়ে ।