ব্ৰেকিং নিউজ

চৰকাৰী নিৰ্দেশনাক অৱমাননা কৰি আজিও ব্ৰক্ষ্মপুত্ৰৰ বুকুৱেদি চলিছে ভূতভূতি

Sentinel Digital Desk

জলপৰিবহন বিভাগৰ মন্ত্ৰীৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই মৰিগাঁও জিলাৰ লাহৰীঘাটত আজিও চলাচল কৰি আছে ভূতভূতি নাঁও।এই দৃৰ্শ্য লাহৰীঘাটৰ ব্ৰক্ষ্মপুত্ৰ পাৰৰ।চাৱক কেনেদৰে শাৰী পাতি ব্ৰৰলুইতৰ বুকুৰে চলাচল কৰিছে ভুতভূতি।সম্পূৰ্ন এক বিপদশংকুল ভাৱে যাতায়ত কৰিছে এই যাত্ৰী সকলে।এখন নাওঁতে পান জপাদি জাপি আহিছে মানুহ গৰু ছাগলীৰে।নিতৌ এনেদৰে এতিয়া ৩০ পৰা ৪০ খনকৈ ভুতভুতি লাহৰীঘাটত বৰলুইতৰ বুকুত চলাচল কৰিছে ।কিন্তু ইয়াৰ পৰিবৰ্তে কোনো এখন ভূতভূতিতে নাই যাত্ৰী সকলৰ নিৰাপত্তাৰ সু ব্যৱস্হা।ইফালে চৰকাৰী ভাৱে বৰলুইতৰ বুকুত ভূতভূতি চলাৰ নিৰ্দেশনা জাৰী কৰা হল যদিও আজিলৈ কোনো এজন জিলা পৰিবহন বিভাগৰ বিষয়াই আহি উপস্হিত নহল লাহৰীঘাটৰ এই ব্ৰক্ষ্মপুত্ৰৰ ঘাটত।