চৰাইদেউ জিলাৰ বৃহত্তৰ দিচাংপানীত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা অবৈধ মদ জুৱাৰ বিৰুদ্ধে গৰজি উঠিল মহিলা। দিচাংপানীৰ মহিলা সকলে জজলি পাঁচ আলিৰ পৰা অবৈধ মদৰ প্ৰচলন বন্ধ কৰক, জুৱা খেল বন্ধ কৰক, আৱকাৰী হায় হায়, আৰক্ষীৰ কাম নাই আদি শ্লোগানেৰে সমগ্ৰ দিচাংপানীৰ জজলি,শ্ৰেত্ৰী বস্তি, বনমালী তিনিআলি আদি এলেকাত সমদল বাহীৰ কৰে। এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰৰ বিভাগীয় কতৃপক্ষক এই অবৈধ মদ জুৱাৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়।