ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু চিলাৰায় সেনাৰ ৩৬ ঘণ্টীয়া অসম বন্ধৰ আহ্বান । বাক্সা , কোকৰাঝাৰ, ধুবুৰী , মৰিগাঁও, গোৱালপাৰা আদি জিলাৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থক সকলে । বন্ধৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰিছে যান-বাহন চলাচল ব্যৱস্থা ।