ব্ৰেকিং নিউজ

জামিন পালে জাতিদ্ৰোহী সুবোধ বিশ্বাসে

Sentinel Digital Desk

চিলাপথাৰ কাণ্ডৰ খলনায়ক সুবোধ বিশ্বাসে দীৰ্ঘদিনীয়া আইনী যুঁজৰ পিছত জামিন লাভ কৰিছে।সুবোধ বিশ্বাসৰ জামিন কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে।ন্যায়াধীষ মীৰ আলফাজাৰ আদালতে এই ৰায়দান দিয়ে।অসমীয়াৰ স্বাভীমানক আঘাত সানি সুবোধ আৰু তেওঁৰ সমৰ্থকে চিলাপথাৰৰ আছুৰ কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰিছিল। বিশ্বাসে জামিন পোৱাৰ পাছতে ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে অসম আৰক্ষীৰ অকৰ্মন্যতাৰ বাবেই সুবোধ বিশ্বাসৰ দৰে জাতিদ্ৰোহীয়ে মুকলি আকাশৰ তলতৈ আহিবলৈ সক্ষম হব।