ব্ৰেকিং নিউজ

জামিন পালে লোকসেৱা আয়োগ কেলেঙ্কাৰীৰ অভিযুক্ত বিষয়াই

Sentinel Digital Desk

সমগ্ৰ দেশ কঁপোৱা অসম লোকসেৱা আয়োগ কেলেঙ্কাৰীৰ অভিযুক্ত ৯ জন এচিএছ আৰু এপিএছ বিষয়াক আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে। জামিন লাভ কৰা বিষয়াকেইজন হল দীপক খনিকৰ, কুনাল দাস, ছাবিৰা ইমৰান, গীতালী দলে, সুদীপ্তা গোস্বামী, ৰুমী শইকীয়া, দিলীপ কুমাৰ কলিতা, বদৰুল ইছলাম আৰু সুনয়না আইদেউ।

জামিন লাভ কৰিলেও ৰাজ্যৰ বাহিৰলৈ যাব নোৱাৰিব বিষয়া সকল।ইতিমধ্যে তেওঁলোকৰ পাছপৰ্ট জব্দ কৰা হৈছে । কাৰাগাৰত থকা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালক ধন দি চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বিষয়াসকল।