২০১৮,৮জুনত কাৰ্বিআংলংৰ ডকমকাত সংঘটিত হোৱা নৃশংসনীয় হত্যাকাণ্ডই কঁপাই গৈছিল সমগ্ৰ দেশত।গুৱাহাটীৰ পৰা কাৰ্বিআংলংৰ প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ যোৱা কাৰ্বিআংলংৰ ডকমকা নামে ঠাই খনৰ কিছু অন্ধবিশ্বাসী লোকৰ বলি হৈ অভিজিত আৰু নিলোৎপল নামৰ দুজনকৈ যুৱক তথা উঠি অহা শিল্পীয়ে মৃত্যুক সাৱটিবলগীয়া হৈছিল।সেই অহা ১ছেপ্তেম্বৰত ডিফু আদালতত হত্যাকাণ্ডৰ বিৰুদ্ধে কাৰ্বিআংলংৰ আৰক্ষী অধীক্ষক শিৱপ্ৰসাদ গাঞ্জেৱালাই প্ৰায় ৮০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিব।ঘটনাটিৰ সন্দৰ্ভত মুঠ ৪৮জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।উক্ত ঘটনাৰ সন্দৰ্ভত দোষীয়ে উচিত শাস্তি পোৱাৰ আশা কৰিছে সমগ্ৰ অসম বাসীয়ে।