ব্ৰেকিং নিউজ

তিনিচুকীয়াত বৃহৎ পৰিমাণৰ চুৰি খাৰুৱা তেল উদ্ধাৰ

Sentinel Digital Desk

তিনিচুকীয়া মাকুম চানমাৰি বাইপাৰ্চৰ কাষত বৃহস্পতিবাৰে নিশা অাৰক্ষীৰ সহযোগত অইল নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই অাগৰৱালা উপাধিৰ নামৰ এজন ব্যৱসায়ীয়ে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ খাৰুৱা তেল উদ্ধাৰ কৰে। অইল নিৰাপত্তাৰক্ষীয়ে জানিব দিয়া মতে তিনিচুকীয়া অাৰু ডিব্ৰুগড় জিলা বিভিন্ন খাদ সমূহৰ পৰা ওলোৱা খাৰুৱা তেল চুৰি কৰি অানি এই স্থানত অবৈধ ভাৱে ৰাখিছিল। ইতিমধ্যে অইল নিৰাপত্তাৰক্ষী অাৰু অাৰক্ষীয়েও খাৰুৱা তেল বুলি সন্দেহ কৰা তেল সমূহৰ নমূনা সংগ্ৰহ কৰি পৰীক্ষাগাৰ লৈ প্ৰেৰণ কৰিছে। পৰীক্ষা অন্ততহে পোহৰলৈ অাহিব অইল ইণ্ডিয়া লিমিটেডৰ বৃহ্ৎ খাৰুৱা তেল দুনীতিৰ বেহাৰ।