ব্ৰেকিং নিউজ

তিনিচুকীয়াৰ বৰডুবিৰ কেহেং চাহ বাগিচাত পিঞ্জৰাবদ্ধ বনৰজা

Sentinel Digital Desk

তিনিচুকীয়া জিলাৰ বৰডুবিৰ কেহেং চাহ বাগিচাত এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় বন বিভাগৰ কৰ্মীয়ে । সন্ত্ৰাসৰ সৃষ্টি কৰা বাঘটো বন্দী হলত এক সাময়িক পাইছে চাহ বাগিছাৰ শ্ৰমিক সকলে । বহু দিনধৰি আতংক সৃষ্টি কৰা নাহৰফুটুকী আজি বন্দী হল পিঞ্জৰাত । উইলিয়াম মেগৰৰ মালিকাধীন কেহেং চাহ বাগিছাৰ বুঢ়া লাইনৰ ২নং চেক্টৰত পাতি ৰখা পিঞ্জৰাত সোমাল বনৰজা ।অৱশেষত পিঞ্জৰাবদ্ধ বনৰজাৰ দায়িত্ব ললে বনবিভাগে ।বৰ্তমানেও বাগিচাখনত আৰু বাঘ থকাৰ কথা সদৰি কৰিলে শ্ৰমিকে ।পুনৰ পিঞ্জৰা পতাৰ আহ্বান জনালে বাগিচাৰ শ্ৰমিক সকলে ।