ব্ৰেকিং নিউজ

তেজপুৰত আছুৰ বিক্ষোভ কাৰ্যসুচী

Sentinel Digital Desk

নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ১০ জাতীয় সংগঠনে শনিবাৰে শোনিতপুৰ জিলা সদৰ তেজপুৰত সকীয়নি বিক্ষোভ কাৰ্যসুচী ৰূপায়ণ কৰে ৷

সদৌ তিৱা ছাত্ৰ সংন্থা, কাৰ্বি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয় সংগঠনে সকীয়নি বিক্ষোভত অংশগ্ৰহন কৰি জাতিধ্বংসী বিধেয়কখন বাতিলৰ জোৰদাৰ দাবী তোলে ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ কোনো কাৰণতেই গ্ৰহণ কৰিব দিয়া নহব বুলি সকীয়াই দিয়াৰ লগতে জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰ খনে খিলঞ্জীয়া বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিলে আন্দোলন অধিক তীব্ৰ কৰি তোলাৰ হুংকাৰ দিয়ে নেতৃবৃন্দ‌ই।

বিজেপি হাই হাই, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো পধ্যেই গ্ৰহণ কৰিব দিয়া নহব, এই যুঁজ মাটিৰ যুজঁ, এই যুঁজ জাতীয় যুজঁ ইত্যাদি শ্লোগানেৰে উত্তাল কৰি তোলে তেজপুৰ চহৰৰ মাজমজিয়া ।

শোনিতপুৰ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত পালন কৰা কায্যসুচীত জিলাখনৰ বহু কেইটা ছাত্ৰ সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে ।