ব্ৰেকিং নিউজ

তেজপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু

Sentinel Digital Desk

যোৱা নিশা তেজপুৰৰ কুণ্ডাৰবাৰীত তীব্ৰ বেগী মটৰ চইকেলৰে সেনা পকী বেনাৰত খুন্দা মৰাৰ ফলত শোকাবহ দূৰ্ঘটনা সংঘটিত হয় । ফলত মিলনপুৰ শইকীয়া চুবুৰিৰ দুই যুৱকে কৰুন মৃত্যুক সাবতি লয় । জানিব পৰা মতে বিশ্বকৰ্মা পুজাৰ বাবে সামগ্ৰী ক্ৰয় কৰি বালিপুখুৰি তিনিআলিৰ পৰা ঘুৰি অহাৰ সময়তে কুণ্ডাৰবাৰীৰ সেনাৰ অলকা কোম্পানীৰ সমীপত থকা পকী বেৰত খুন্দা মাৰি বেৰখন ভাঙি পেলাই । ফলত যুৱক দুজনৰ ঘটনাস্হলিতে মৃত্যু হয় । নিহত যুৱক দুজন হল ৰূপম কলিতা(৩১) আৰু মোহন দাস (৩২) । যুৱক দুজনৰ মৃত্যুত শোকৰ চা পৰিছে তেজপুৰৰ মিলনপুৰত ।