ব্ৰেকিং নিউজ

তেজপুৰত ভাৰপ্ৰাপ্ত বিষয়াৰ সন্মুখতে আৰক্ষী চকীত মাৰপিট

Sentinel Digital Desk

তেজপুৰ লালমাটি আৰক্ষী চকীৰ অন্তগত হজৰা পাৰৰ এটা কোঠাৰ ভিতৰত দুগৰাকী ছাত্ৰী দুজন যুৱকৰ সৈতে অসংযত অৱস্থাত স্থানীয়ে ৰাইজে আটক কৰি লালমাটি আৰক্ষী চকীত চমজাই দিছিল । আৰক্ষীয়ে নিজৰ জিম্মাত লৈ আৰক্ষী চকীত ৰখাৰ কালত একাংশ যুৱকে আৰক্ষী চকীত প্ৰৱেশ কৰে । আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক গোচৰ টোৰ সম্পকত সোধ পোচ কৰি থকাৰ কালতে যুৱকৰ দলটোৱে আৰক্ষীয়ে আটক কৰা যুৱকজনক মাৰ পিট কৰে । আৰক্ষীয়ে সাধাাৰণ ভাবে বাধা দিয়ে যদিও যুবকৰ দলটোৱে নিজকে মৰেল পুলিচ গীৰি দেখুৱাই মাৰপিট কৰে । আৰক্ষী চকীৰ জনৈক বৰদলৈ উপাধী ধাৰী ভাৰপ্ৰাপ্ত বিষয়া গৰাকী নিজৰ চকুৰ সন্মুখত এনে দৰে মৰেল পুলিচ গীৰি কৰি মাৰপিট কৰাৰ পিছত আটকাধিন যুৱক জনে আৰক্ষীৰ জিম্মাত প্ৰহৃত হৈ মাৰপিট যুৱকৰ দলটোক তেওক মাৰি পেলাবলৈ চিঞৰি চিঞৰি আহ্বান জনায় । আৰক্ষীৰ জিম্মাত থকা আচামী এনেদৰে মৰেল পুলিচৰ মাৰপিট কৰা ঘটনাক সবত্ৰে চৰ্চিত হৈচে ।