ব্ৰেকিং নিউজ

তেজপুৰৰ শালনিবাৰীত ভয়ংকৰ পথ দুঘটনা

Sentinel Digital Desk

তেজপুৰৰ শালনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৈঠাভঙাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত মহম্মদ জমিৰুদ্দিন নামৰ এজন লোক নিহত হোৱাৰ বিপৰীতে দুজন লোক গুৰুত্বৰভাৱে আহত হয়৷ ২ নং উলুবাৰীৰ লোকজনে বাঁসবেৰাৰ মহম্মদ ৰাইচুদ্দিন নামৰ এজন লোকক লগত লৈ তেজপুৰ মিছনচাৰিআলি দিশৰ পৰা বালিপৰা অভিমুখে মটৰচাইকেলেৰে যোৱাৰ পথত বিপৰীত দিশৰ পৰা অহা আন এখন মটৰ চাইকেলৰ লগত মুখামুখি সংঘৰ্ষত লিপ্ত হয়৷ ফলত ৰাষ্ট্ৰীয় ঘাইপথত চিটিকি পৰে দুখন মটৰচাইকেলৰ তিনিওজন ব্যক্তি৷ এই ঘটনাত থিতাতে নিহত হয় চালক মহম্মদ জমিৰুদ্দিন৷ আনহাতে জমিৰুদ্দিনৰ লগত একেখন মটৰচাইকেলতে থকা মহম্মদ ৰাইচুদ্দিন নামৰ লোকজনৰ লগতে আনখন মটৰচাইকলৰ চালক ঠেলামৰাৰ নিপু দেৱক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷সংকটজনক অৱস্থাত থকা নিপু দেৱ নামৰ লোকজন সুৰাসক্ত হৈ মটৰচাইকেল চলোৱাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আশংকা কৰা হৈছে৷