ব্ৰেকিং নিউজ

দলং ভাগি বাগৰিল ইটা ভৰ্তি ট্ৰাক

Sentinel Digital Desk

চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত দাদ্ৰীপাৰাত এখন কাঠৰ দলং ভাগি এক ভয়ানক দূৰ্ঘটনা সংঘটিত হৈছে । AS 01 CC 6719 নম্বৰৰ চাৰিয়ালীৰ পৰা বল্লামগুৰি অভিমুখে গৈ থকা ইটা ভৰ্তি ট্ৰাক এখন দলং ভাগি বাগৰি পৰে নদীত।

পগলানদীত থকা পুৰণি কাঠৰ দলংখনেই কাল হ'ল এই অভিশপ্ত ট্ৰাকখনৰ। ট্ৰাকখনৰ চালকজন গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হোৱাৰ বিপৰীতে বাকী তিনিজন সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হয়। স্থানীয় ৰাইজে ততাতৈয়াকৈ তেওঁলোকক বল্লামগুৰি স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়।

বি.টি.চি ৰ উন্নয়ন হোৱা বুলি হাগ্ৰামাবাহিনীয়ে সদম্ভে ঘোষণা কৰিলেও ৰাইজ আজিও অতিষ্ঠ সাধাৰণ বাট পথৰ জুৰুলা অবস্থাক লৈ ।

পগলানদীৰ বিধ্বস্ত কাঠৰ দলং খনৰ ঠাইত এখন পকাৰ দলং নিৰ্মাণ কৰিবলৈ ৰাইজে বাৰাম্বাৰ আবেদন নিবেদন কৰিছে যদিও কানসাৰ নাই বি.টি.চি.ৰ জন প্ৰতিনিধিৰ।