ব্ৰেকিং নিউজ

দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

Sentinel Digital Desk

ৰাজ্যজুৰি দীপাৱলীৰ আনন্দ উল্লাস বৰ্তি থকাৰ সময়তে কালি সন্ধ্যা নগাঁও জিলাৰ মাজ-জাজৰি নসত্ৰত এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এজন চাইকেল আৰোহী। মৃত লোকজন বটদ্ৰৱা কহুৱাতলীৰ মন্টু বৰা বুলি চিনাক্ত কৰা হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, মাজ জাজৰি- বটদ্ৰৱা সংযোগী পথত কালি সন্ধ্যা এখন তীব্ৰবেগী অচিনাক্ত বাহনে বিপৰীত দিশৰ পৰা আহি থকা এজন চাইকেল আৰোহীজনক মহতিয়াই নিয়ে ।

দুৰ্ঘটনাটো সংঘটিত কৰিয়েই বাহনখনে পলায়ন কৰে ঘটনাস্থলী ৰপৰা।পিছত স্থানীয় ৰাইজে খবৰ পাই জাজৰি আৰক্ষীক জনোৱাত জাজৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ইপিনে, দুৰ্ঘটনা সংঘটিত কৰা বাহনখন বিছাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত বাহনখন সন্দৰ্ভত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।