ব্ৰেকিং নিউজ

দুলীয়াজানত অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ

Sentinel Digital Desk

দুলীয়াজান আঞ্চলিক অসম জাতীয়তাবাদী যুৱ পৰিষদে অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যলয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ।এই প্ৰতিবাদ আছিল অইলৰ ঠিক প্ৰতিষ্ঠান মেচাৰ্চ ধিলন ইঞ্জিনিয়াৰিংক ব্লেক লিষ্টেড কৰাৰ দাবীত ।মুঠ অইল ৱাকাৰ্ছ ইউনিয়নৰ ৩৪ গৰাকীকৈ যুৱকৰ আৰু ধীলন ইঞ্জিনিয়াৰিংএ ৬ জনকৈ মুঠ ৪০ জনকৈ অসমীয়া যুৱকৰ কোনো কাৰণ নোহোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰাৰ প্ৰতিবাদি কাৰ্যসূচী পালন কৰে । পাছত প্ৰতিবাদকাৰী সকলে অইলৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি এক সপ্তাহৰ ভিতৰত সমাধানৰ দাবী জনায় ।