ব্ৰেকিং নিউজ

দুলীয়াজানত এল, পি, জি, পেকেড পৰিবহণ ইউনিয়নৰ বন্ধ সৰ্বাত্মক

Sentinel Digital Desk

সমগ্ৰ দেশৰ লগতে উজনি অসমৰ দুলীয়াজানত থকা ৰন্ধন গেছ বটলিং প্লান্তটু যোৱা ১০ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ পৰাত পৰিবহন চলক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।উল্লেখযোগ্য যে দীৰ্ঘ দিন ধৰি নৰ্থ ইষ্ট পেকেড এল ,পি ,জি, ট্ৰেন্সপতাৰ ইউনিয়নৰ আহ্বানত যোৱা ১০ ছেপ্টেম্বৰ ২০১৮ তাৰিখৰ পৰা আই , অ ,চি ,এল কৰ্তৃপক্ষই কৰি অহা বঞ্চনা আৰু শোষণৰ প্ৰতিবাদতে এই পৰিবহণ বন্ধৰ আহ্বান জনাইছে।অন্যহাতেদি এই বন্ধৰ ফলত দুলীয়াজান আৰু ইয়াৰ কাষৰীয়া অঞ্চল সমূহত এতিয়া ৰন্ধন গেছৰ নাটনিয়ে দেখা দিয়া পৰিলক্ষিত হৈছে ।তাৎপৰ্যপূৰ্ণ বিষয় যে এই এল পি জি বাহন সিমূহ চলোৱা চলক সকলে কি কাৰণে তেওঁলোকৰ বাহন সমূহ বন্ধ কৰিব লগীয়া হৈছে সেইয়া নজনাটোৱে চলক সকলক বিপাঙত পেলাইছে ।