পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত সোমবাৰৰ দিনা নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আহ্বান জনোৱা ভাৰত বন্ধৰ ফলত তৈল নগৰ দুলীয়াজান আৰু ইয়াৰ কাষৰীয়া অঞ্চলত জনজীৱন ব্যাহত হৈ পৰে।
সোমবাৰৰ পূৱাতে কংগ্ৰেছৰ নেতা কৰ্মী সকলে চহৰখনৰ প্ৰতিটো পথতে যান-বাহন চলাচল বন্ধ কৰি দিয়ে। আনহাতে অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানস্থিত ক্ষেত্ৰীয় মূখ্য কাৰ্যালয়, উদ্যোগিক এলেকাকে ধৰি সকলো কৰ্মক্ষেত্ৰ, অসম গেছ কোম্পানীকে ধৰি বিভিন্ন প্ৰতিষ্ঠান সমূহ কংগ্ৰেছ কৰ্মী সকলে অৱৰোধ কৰাৰ ফলত সকলো কাম-কাজ ব্যাহত হৈ পৰে।
অইলৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰা প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰাৰ সময়ত আৰক্ষীৰে প্ৰতিবাদকাৰীৰ টনাআঁজোৰা সৃষ্টি হয়।