ব্ৰেকিং নিউজ

দেৰগাঁৱত স্বাস্থ্য মন্ত্ৰীয়ে উদ্ধোধন কৰিলে আদৰ্শ চিকিৎসালয়

Sentinel Digital Desk

ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেৰগাঁৱৰ নাহৰদুঙ্গাত আজি ৩০ খন বিচনা যুক্ত আদৰ্শ চিকিৎসালয়ৰ সুভাৰম্ভ কৰে।৫ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মান কৰা চিকিৎসালয় খনক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। চিকিৎসালয় খনৰ পৰা দেৰগাঁৱৰ ৰাইজ বহুখিনি উপকৃত হব বুলি জানিব পৰা গৈছে। অনাগত দিনত চিকিৎসালয় অত্যাধুনিক চিকিৎসা সেৱা উপলব্ধ হব। অনুস্থানত স্বাস্থ্য মন্ত্ৰী গৰাকীৰ লগতে যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীৰ, বিজেপি দলৰ নেতা-কৰ্মীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।