ব্ৰেকিং নিউজ

ধিঙত পুনৰ পিষ্টলসহ আটক এজন দুধৰ্ষ অপৰাধী

Sentinel Digital Desk

নগাঁও জিলাৰ পশ্চিমপ্ৰান্তত সঘনাই উদ্ধাৰ হ'বলৈ ধৰিছে অবৈধ মাৰণাস্ত্ৰ। কিছুদিন পূৰ্বে ধিঙৰ শালকাটি অঞ্চলৰ পৰা পিষ্টল,গ্ৰেনেডসহ এজন দুৰ্ধষ অপৰাধী গ্ৰেপ্তাৰ হোৱাৰ চাঞ্চল্য মাৰ নৌযাওতেই আজি পুনৰ এটা পিষ্টলসহ এজন দুধৰ্ষ অপৰাধীক আটক কৰে নগাঁও আৰক্ষীয়ে।

নগাঁৱৰ উপ অাৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত ধিং অাৰক্ষীৰ এটা দলে অভিযান চলাই বুধবাৰে ধিঙৰ ৰৌমাৰীৰ পৰা ইজাজুল হক নামৰ এটা দুধৰ্ষ অপৰাধীক অাটক কৰে ।

অপৰাধীটোৰ পৰা বিদেশত নিৰ্মিত এটা পিষ্টল,এটা মেগজিনৰ লগতে এটা মবাইল হেণ্ডচেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ধিং অাৰক্ষীয়ে অপৰাধীটোক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।