ব্ৰেকিং নিউজ

ধুবুৰী জিলাৰ চাপৰত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত

Sentinel Digital Desk

ধুবুৰী জিলাৰ চাপৰৰ বহলপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত শুক্ৰবাৰে সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা।ধুবুৰীৰ পৰা বঙাইগাঁও অভিমূখী দীপমালা-দীপশিখা নামৰ বাছখনৰ লগত বিপৰীত মূখী যাত্ৰী বাহী টেম্প এখনৰ মুখামুখি সংঘৰ্ষৰ ফলত এজন টেম্পৰ যাত্রী থিতাতে নিহত হোৱাৰ লগতে তিনিজন গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় । নিহত ব্যক্তি গৰাকী চাপৰৰ হৰ্দেমাৰাৰ ইছমাইল হুছেইন বুলি চিনাক্ত কৰা হৈছে। উক্ত দুৰ্ঘটনাটোত আহত হয় মহিলা সহ অইন তিনিজন যাত্ৰী।আহত সকলক উন্নত চিকিৎসা ৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰা হৈছে ।