ব্ৰেকিং নিউজ

নগাঁওত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ

Sentinel Digital Desk

নগাঁও জিলাৰ কামপুৰ অাৰক্ষী থানাৰ অন্তৰ্গত দেউৰী গাঁৱত নিশা এগৰাকী মহিলাৰ ৰহস্যজনক অৱস্থাত চিপ লৈ থকা অৱস্থাত নিজৰ ঘৰৰ বাৰীত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, নিশা স্বামী প্ৰমোদ কলিতাৰ সৈতে কিবা কথাত কাজিয়া হৈছিল পত্নী তৃষ্ণা কলিতাৰ ।তাৰ পাছতেই সংঘটিত হয় এই ঘটনা । সেই সময়ত প্ৰমোদ কলিতাৰ ঘৰত অাছিল পংকজ নাথ নামৰ অান এজন যুৱক । পংকজ নাথ বেটেলিয়ান বুলি জানিব পৰা গৈছে । ঘটনাৰ পাছৰ পৰা পলাতক অৱস্থাত অাছে বেটেলিয়ান পংকজ নাথ।উল্লেখযোগ্য যে, ইতিমধ্যে কামপুৰ অাৰক্ষীয়ে মৃত তৃষ্ণা কলিতাৰ স্বামী প্ৰমোদ কলিতাক জেৰা অব্যাহত ৰাখিছে ।