নগাঁওৰ আমনিত সংঘটিত এক নিলৰ্জ্য কাণ্ড।নিশা ভালুকমাৰীৰ পৰা এজন লোকৰ সৈতে দুচকীয়া বাহনেৰে গোলাঘাট অভিমুখে গৈ থকা মহিলা এগৰাকীক আমনিত এখন এল্ট’ত অহা চাৰি দুৰ্বৃত্তই আগচি ধৰি মহিলাগৰাকীক উঠাই নি বলাত্কাৰ কৰে বুলি অভিযোগ উত্থাপিত হয়।
পিছত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত জখলাবন্ধাৰ অভিমুখী এখন টেংকাৰৰ কৰ্মচাৰীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি জখলাবন্ধা আৰক্ষীৰ হাতৰ গতাই দিয়ে। নিশাই মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিত্সালয়লৈ প্ৰেৰণ কৰা হয়।
আনহাতে, যিজন লোকৰ সৈতে মহিলাগৰাকীৰ লগত থকা আনজন ব্যক্তিৰ কোনো ধৰনৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।