ব্ৰেকিং নিউজ

নগাঁৱৰ আমোলাপট্টিত ভয়ংকৰ অগ্নিকাণ্ড

Sentinel Digital Desk

নগাঁও জিলাৰ আমোলাপট্টিত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে । জুইত জাহ গ’ল ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ বৰাৰ এটা বাসগৃহ। অগ্নিকাণ্ডৰ ফলত আবাসিক এলেকাটিত আতংক । অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপন কৰে জুই। ঘৰটোত আছিল গৃহনিৰ্ম্মাণত নিয়োজিত শ্ৰমিক।