ব্ৰেকিং নিউজ

নগাঁৱৰ কচুৱাত নকল সোন বিক্ৰী কৰা প্ৰবঞ্চক আটক

Sentinel Digital Desk

নগাঁও জিলাৰ কচুৱা গেৰজাইপামৰ পৰা আৰক্ষীয়ে ৰাইজৰ সহযোগত মংগলবাৰে এটা প্ৰবঞ্চক আটক কৰিবলৈ সক্ষম হয় ।ধৃত প্ৰৱঞ্চকটোৰ নাম দিলদাৰ হুছেইন । জানিব পৰা মতে, দিলদাৰ হুছেইনে আন দুজন সহযোগীৰ সৈতে মিলি নগাঁৱত নৱনিৰ্মিত মেডিকেল কলেজৰ ঠিকাদাৰ অশোক সাহাক নকল সোন বিক্ৰী কৰি ১ লাখ ৪০ হাজাৰ টকা লুট কৰি নিছিল । ঘটনাটোত জড়িত আন দুজন প্ৰবঞ্চক বৰ্তমানেও পলাতক অৱস্থাত আছে । অশোক সাহাই নগাঁৱৰ হয়বৰগাঁও থানাত দিয়া অভিযোগ অনুসৰি দিলদাৰ আৰু আনদুজন সহযোগীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ গোচৰ নং ২৬৩৬/১৮ আৰু ৪২০/৩৪ ধাৰাত গোচৰ পঞ্জিয়ন কৰি আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ।