ব্ৰেকিং নিউজ

নাগৰিকত্ব সংশোধনি বিধেয়ক বিৰুদ্ধে সংগ্ৰামী মঞ্চয়ে প্ৰতিবাদ কৰি আহিছে: প্ৰফুল্ল কুমাৰ মহন্ত

Sentinel Digital Desk

প্ৰিয়া পেলেচ হোটেলত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল ৷ নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰুদ্ধে অসম সংগ্ৰামী মঞ্চই প্ৰতিবাদ কৰি আহিছে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক হিন্দু শৰনাৰ্থীৰ ক্ষেত্ৰত প্ৰযোজ্য নহব ৷ কিন্তু বিজেপিৰ ৰাজ্যিক সভাপতি অমিত শ্বাহে ব্যক্ত কৰিছিল যে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত ৰূপায়িত কৰাৰ পিছতহে এন আৰ চি প্ৰক্ৰিয়া উন্নয়নৰ কাম কৰা হব ৷ এই বক্তব্যৰ আগ বঢ়োৱা বাবে অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত "অৱমাননা গোচৰ" দিব অসম আন্দোলন সংগ্ৰামী মঞ্চই ৷

কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত হেমাহি কৰিছে বুলিও প্ৰকাশ কৰে প্ৰফুল্ল কুমাৰ মহন্তয়ে । নাগৰিকত্ব সংশোধনি বিধেয়ক খন হেমাহি কৰি অসম অথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিবাদী জনসাধাৰণৰ বাবে চৰম প্ৰতাৰণামুলক বুলি প্ৰকাশ কৰে।

দেশৰ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম চলাই থকা হৈছে আৰু জনসাধাৰণে ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা পোষণ কৰি এই পক্ৰিয়াত সহযোগিতা আগবঢ়াইছে । কিন্তু বিজেপিৰ সভাপতি গৰাকীৰ এনে মন্তব্য গ্ৰহণ কৰা যোগ্য নহয় বুলি প্ৰকাশ কৰে। বিজেপিৰ অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে ৰাজ্যৰ সকলো গনতান্ত্ৰিক দল মঞ্চ সংগঠনক শক্তিশালী কৰিবলৈ আহ্বান জনাইছে। অসম চুক্তি অবমাননা কৰাটো মঞ্চয়ে কেতিয়াও সহ্য নকৰে বুলি প্ৰকাশ কৰে।

অধিক খবৰৰ বাবে পঢ়ক:ৰাজ্যিক বাতৰি