ব্ৰেকিং নিউজ

নামৰূপত পত্নীক হত্যা কৰি পুতি থলে পাষাণ স্বামীয়ে

Sentinel Digital Desk

নামৰূপৰ চামগুৰিত সংঘটিত হৈছে জঘন্য ঘটনা। পাষাণ স্বামীয়ে নিজ পত্নীক হত্যাকৰি পুতি থলে শ্মশানত। জানিবপৰামতে যোৱা সোমবাৰে নিশা স্বামী জিতেন কিষানে পত্নীৰ ওপৰত চলাইছিল অমানৱীয় নিৰ্যাতন লগতে পত্নীক বেয়াকৈ প্ৰহাৰ ও কৰিছিল আৰু স্বামীৰ প্ৰহাৰৰ ফলত থিতাতে মৃত্যু হৈছিল পত্নী অনিতা কিষান ।তাৰ পিছতেই হত্যাকাৰীয়ে ওচৰ চুবুৰীয়াক জনায় যে তেওঁৰ পত্নী বেমাৰত পৰি মৃত্যু হোৱা বুলি আৰু জিতেন কিষানে পৰিয়ালৰ লোক দুজন মানৰ সহযোগত মংগলবাৰে ওচৰৰ শ্মশানত সমাধি দিয়ে।

সৌভাগ্য ক্ৰমে দেওবাৰে অনিতা কিষানৰ মামীয়েকে কৰ্মস্থলীত গম পোৱাত হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা পোহৰলৈ আনে । তাৰ পিছত মামীয়েকে স্থানীয় লোকক খৱৰ দিয়াত স্থানীয় লোকে নামৰূপ আৰক্ষীক খৱৰ দিয়ে আৰু আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাৰী স্বীকাৰোক্তি ভিত্তিত সম্পূৰ্ণ এসপ্তাহৰ পিছত মংগলবাৰে আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত শ্মশানত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে মৃতদেহটো। আনহাতে এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নামৰূপত। সিফালে নামৰূপ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।