ব্ৰেকিং নিউজ

নেছৰ প্ৰতিবাদে উত্তাল কৰিলে গুৱাহাটী মহানগৰী

Sentinel Digital Desk

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত মঙ্গল বাৰে উত্তৰ পূৱ ছাত্ৰ সংগঠন (NESO)ৰ উদ্যোগত এক বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়। গুৱাহাটী ক্লাবৰ সন্মুখতে উত্তৰ পূৱৰ ৮ ছাত্ৰ সংগঠনে ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ কৰিলে। কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নোলোৱাৰ হুংকাৰ দিয়ে প্ৰতিটো ছাত্র সংগঠনৰ নেতৃত্ব‌ই।

মঙ্গল বাৰে নতুন দিল্লীত আবেলি ৩ বজাত যুটীয়া সংসদীয় সমিতিয়ে(JPC) নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবেদনৰ বিষয়ে আলোচনাত বহাৰ কথা উল্লেখ কৰি নেছ ৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয় যে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত শুনানি নোলোৱাকৈ কেনেকৈ প্ৰতিবেদন দাখিল কৰিব পাৰে বুলি যুটীয়া সংসদীয় সমিতিলৈ প্ৰশ্ন আগবঢ়াই। অসমৰ লগতে উত্তৰ পূৱৰ সাত খন ৰাজ্যৰ প্ৰতিজন খিলঞ্জীয়া লোকৰ ধৰ্ম, সাহিত্য, সংস্কৃতি , লোকাচাৰ বিপন্ন কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো পধ্যেই মানি লোৱা নহব বুলি ঘোষণা কৰাৰ লগতে নেছ ই অহা ৩০ নবেম্বৰত উত্তৰ পূৱৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সদৰি কৰে। ড°

সমুজ্জল কুমাৰ ভট্টাচাৰ্য লগতে কয় যে যদি মেঘালয় চৰকাৰে বিধেয়ক খনৰ বিৰোধিতা কৰিব পাৰিছে তেন্তে অসমৰ জাতি মাটি ভেটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰে কিয় স্পষ্ট ভাৱে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা

বাংলাদেশৰ নাম কৰ্তন হ’লেও অসমীয়া জাতি কোনোপধ্যেই সুৰক্ষিত নহয় আৰু প্ৰতিটো খিলঞ্জীয়া জাতি সুৰক্ষিত হ’বলৈ পাৰপত্ৰ সংশোধনী বিধিও খাৰিজ হ’ব লাগিব বুলি মন্তব্য আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী এগৰাকী বাংলাদেশী, কাৰণ বিপ্লব কুমাৰ দেৱ ১৯৭১ৰ পিছত অহা বাংলাদেশী বুলি মন্তব্য আগবঢ়াই ত্ৰিপুৰা ছাত্ৰ ফেডাৰেচনৰ উপদেষ্টা উপেন্দ্ৰ দেৱবাৰ্মাই। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো সলনি হৈ যাব, ত্ৰিপুৰা যেনেকৈ সলনি হ'ল বুলি কোৱাৰ লগতে শীঘ্ৰে উত্তৰ-পূবৰ স্বাৰ্থত বিধেয়কখন বাতিল কৰাৰ দাবী তোলে দেৱবাৰ্মাই।

গুৱাহাটীত অনুষ্ঠিত নেছৰ এই বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সংস্থা, আৰুণাচল ছাত্র সংস্থা, মিজো ছাত্র সংস্থা, নাগা ছাত্ৰ সংস্থা, ত্ৰিপুৰা ছাত্র ফেদাৰেছন, খাচী ছাত্ৰ সংস্থা, গাৰো ছাত্ৰ সংস্থা মণিপুৰী ছাত্ৰ সংস্থাৰ বিষয়ববীয়াৰ লগতে বহুতো ছাত্র ছাত্রীয়ে বিক্ষোভ কাৰ্যসূচীৰ পৰা উত্তৰ পূৱৰ প্ৰতিখন ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰলৈ সকীয়নি প্ৰদান কৰে।