ব্ৰেকিং নিউজ

নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে ছিকিমৰ প্ৰথমটো বিমান বন্দৰ

Sentinel Digital Desk

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে ছিকিমৰ প্ৰথমটো বিমান বন্দৰ পকয়ং গ্ৰীণফিল্ড বিমান বন্দৰ। দুদিনীয়া ভ্ৰমণসূচী লৈ ৰাজ্যখনত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ শততম বিমান বন্দৰটো উদ্বোধন কৰে । ছিকিমৰ ৰাজধানী গেংটকৰ পৰা প্ৰায় ৩৩ কিঃমিঃ নিলগত অৱস্থিত পাকয়ংগ গ্ৰীনফিল্ড বিমানবন্দৰটো । ৰাজ্যপাল গংগা প্ৰসাদ, মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিং, ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং, এছ এছ আহলুআলিয়া আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সুৰেশ প্ৰভু উপস্থিত থাকে উদ্বোধনী অনুষ্ঠানত।