ব্ৰেকিং নিউজ

পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ ইমৰান খানৰ

Sentinel Digital Desk

পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ললে প্ৰাক্তন ক্ৰিকেটাৰ তথা তেহৰিক-ই-ইনছাফৰ অধ্যক্ষ ইমৰান খানে।দেশখনৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয় এই শপত গ্ৰহণ অনুষ্ঠান ।পাকিস্তানৰ ৰাষ্ট্ৰপতি মামুন হুছেইনে প্ৰাক্তন ক্ৰিকেটাৰ ইমৰান খানক শপত বাক্য পাঠ কৰোৱাই ।ইমৰান খানৰ দল তেহৰিন-ই-ইনচাফে ১৭৬ খন আসন লাভ কৰাৰ বিপৰীতে মুছলিম-লীগ-নৱাজৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী শেহৱাজ ছৰিফে মাত্ৰ ৯৬ খন আসন লাভ কৰি পৰাজয় স্বীকাৰ কৰে।পাকিস্তানৰ ২২ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে পৰিগনিত হল ইমৰান খান।প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছী নেতা নৱজিত সিং সিদ্ধুৱে অংশ গ্ৰহণ কৰে শপত গ্ৰহণ অনুষ্ঠানত । শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কপিল দেৱ আৰু সুনীল গাভাস্কাৰকো আমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁলোক বিশেষ কাৰণত উপস্থিত থাকিব নোৱাৰিলে।