ব্ৰেকিং নিউজ

প্রধান শিক্ষকৰ বিৰুদ্ধে অবৈধ ভাৱে ধন সংগ্রহৰ অভিযোগ

Sentinel Digital Desk

দৰং জিলাৰ দলগাওঁ শিয়ালমাৰী প্রাথমিক শিক্ষা খন্ডৰ অধীনত ৭৯৩ নং বাঘৰবাৰী প্রাথমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই বিদ্যালয়ৰ প্রতিটো প্রমান পত্রৰ বাবদ ২০০ৰ পৰা ৫০০টকা অবৈধ ভাবে ধন সংগ্রহ কৰা বুলি এক ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে বিদ্যালয়ৰ প্রধান শিক্ষক নুৰুল ইছলামৰ বিৰুদ্ধে । ইতিমধ্যো ৰাইজে প্রধান শিক্ষকৰ বিৰুদ্ধে দলগাওঁ শিয়ালমাৰী প্রাথমিক শিক্ষা খন্ডৰ বিষয়া কাৰ্যালয়ত যোৱা ২০ আগষ্টত ৰাইজে এক অভিযোগ দাখিল কৰে। অভিযোগ পত্রত উল্লেখ কৰা প্রধান শিক্ষক নুৰুল ইছলামে চৰকাৰী নিয়ম নীতি সমুহ উলংঘ কৰি ৰাইজৰ চাৰ্টিফিকেটৰ বাবদ ২০০ৰ পৰা ৫০০ টকা পৰ্যন্ত দাবী কৰি কিছু সংখ্য লোকৰ পৰাওঁ আদায় কৰিছে । ৰাইজৰ উক্ত অভিযোগৰ ভিত্তীত দলগাওঁ শিয়ালমাৰীৰ প্রাথমিক শিক্ষা খন্ডৰ কাৰ্যালয়ৰ বিদ্যালয় পৰিদৰ্শ হেমন্ত গোস্বামী ,চি,আৰ,চি চি,মোজাফৰ হুছেইনে আজি বিদ্যালয়ত উপস্থিত ৰাইজৰ পৰা সাক্ষ্য গ্রহন কৰে। স্মৰ্তব্য এন,আৰ,চিৰ কামত নিয়োজিত হোৱাৰ কাৰনে বিদ্যালয়ৰ প্রধান শিক্ষক আজি বিদ্যালয়ত অনুপস্থিত থাকে। বিদ্যালয়ৰ পৰিদৰ্শক মতামত জানিব বিচৰাত পৰিদৰ্শক গৰাকীয়ে সংবাদ মাধ্যমৰ পৰা বিৰত থাকে। এতিয়া প্রশ্ন হয় কোন সচাঁ কোন মিছাঁ তদন্তত সম্পুৰ্নৰূপে ওলাই বুলি ৰাইজে প্রকাশ কৰিছে।