ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হৈ থকা এছিয়ান গেমছত পোনপ্ৰথমবাৰৰ বাবে অসমৰ পাঁচ গৰাকীকৈ যুৱতীয়ে অংশগ্ৰহন কৰিছে।খেলুৱৈ কেইগৰাকী ক্ৰমে বেটমিন্টনত আচমিতা চলিহা, আৰ্চাৰীত প্ৰমিলা দৈমাৰী, ফেনচিঙত কবিতা দেৱী, টাইকাণ্ডোত ৰদালী বৰুৱা আৰু এথেলেটিকচত হিমা দাস।যুৱতী কেইগৰাকীৰ বাহিৰেও একমাত্ৰ পুৰুষ খেলুৱৈ হিচাপে বক্সিঙত ভাগ লব অলিম্পিয়াড শিৱ থাপা।সকলো কেইগৰাকী খেলুৱৈৰ পৰা অসম তথা ভাৰতবাসীয়ে পদক জয়ৰ আশা কৰিছে।এছিয়ান গেমছত পদক জয়ৰ প্ৰবল দাবীদাৰ হিচাপে ট্ৰেকত নামিব ধিং এক্সপ্ৰেছ হিচাপে পৰিচিত হিমা দাস।হিমাই অলপতে ২০ বছৰ উনূৰ্ধ্ব বিশ্ব চেম্পিয়নস্বিপত স্বৰ্ণ পদক জয় কৰি অভিলেখ গঢ়িছিল।