ব্ৰেকিং নিউজ

প্ৰবীণ সাংবাদিক কুলদীপ নায়ৰৰ দেহাৱসান

Sentinel Digital Desk

প্ৰবীণ সাংবাদিক তথা প্ৰাক্তন সাংসদ কুলদীপ নায়াৰৰ নতুন দিল্লীত বৃহস্পতিবাৰে ৯৫ বছৰ বয়সত দেহাৱসান ঘটিছে।১৯২৩ চনত শিয়ালকোটত জন্ম গ্ৰহন কৰা নায়ক একেধাৰে ৰাজনৈতিক নেতা,লেখক আৰু সাংবাদিক আছিল।প্ৰয়াত নায়ৰে তেওঁৰ আত্মজীৱনী 'বিয়ন্ড দা লাইন'ত তেওঁৰ সাংবাদিকতা জীৱনৰ উত্থান-পতনৰ লগতে পাকিস্থানৰ পৰমাণু বিজ্ঞানী আব্দুল কাদিৰ খানক লোৱা সাক্ষাৎকাৰৰ কথা ব্যক্ত কৰিছে।প্ৰখ্যাত সাংবাদিক গৰাকীয়ে ৰাজ্যসভাৰ সাংসদ হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটাৰ যোগে প্ৰখ্যাত সাংবাদিক জনৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে।