ব্ৰেকিং নিউজ

প্ৰাৰ্থনা কৰক কেৰেলাবাসীৰ বাবে

Sentinel Digital Desk

কেৰেলাত নেৰানেপেৰা বৰষুনে সৃষ্টি কৰিছে প্ৰলয়ংকাৰী বানৰ।এই বানে তাণ্ডৱ চলাইছে সমগ্ৰ কেৰেলাৰ লগতে কৰ্ণাটকত।বৰ্তমান সময়লৈকে ২৮টা মানুহৰ মৃত্যু হয় যাৰ বাবে কৰ্তৃপক্ষক ৰেড এলাৰ্ট জাৰি দিবলৈ বাধ্য হৈ পৰিছে।

যোৱা বুধবাৰে,এটা পৰিয়ালৰে ৫জনকৈ লোক এই বানত মৃত্যুক সাৱটিবলগা হয়।অধিক বৃষ্টিপাতৰ হোৱাৰ বাবে মালাপুৰামৰ এই পৰিয়ালৰ গৃহটো মুধচ ভাঙি পৰে।আগষ্টৰ ৮তাৰিখৰ পৰা বৰ্তমান সময়লৈ মানুহৰ মৃত্যুৰ সংখ্যা ৭০জনলৈ বৃদ্ধি পাইছে।

কেৰেলাৰ মুঠ ১৪খন জিলাৰ ভিতৰত ১১খন জিলা ইদুকি,কজিকড,ৱায়েনাড,মাল্লাপুৰাম,পাথানামঠিতা,কান্নুড় আৰু ইৰানাকুলাম ৰেড এলাৰ্ট জাৰি কৰে যদিও বুধ বাৰৰ পৰা সমগ্ৰ জিলাতে হাই এলাৰ্ট জাৰি কৰা হয়।

কেৰেলা ৰাজ্য চৰকাৰে সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰে।যোৱা শনিবাৰৰ পৰা কোশিন বিমান বন্দৰৰ বিমান সেৱাৰ চলাচলো বন্ধ কৰি ৰাখে।মুঠ ৩৩খন নদীৰ বান্ধ খুলি দিয়া হয়।ইয়াৰ উপৰিও অহা শনিবাৰলৈ আৰু বৰষুনৰ পৰিমান বৃদ্ধি হ'ব বুলি বতৰৰ আগজাননী প্ৰদান কৰে।

বানপানীত ক্ষয় হোৱা সকলৰ বাবে সাহাৰ্য্য আগবঢ়াবলৈ কেৰেলা মুখ্যমন্ত্ৰী পিন্নাৰায় ভিজেনে কাতৰ আহ্বান জনায়।ইয়াৰ উপৰিও প্ৰধান মন্ত্ৰীয়ে সকলো প্ৰয়োজনীয় সাহাৰ্য্য তথা সহায়ৰ হাত আগবঢ়াব বুলি কথা পাতে কেৰেলাৰ মুখ্যমন্ত্ৰীৰ সৈতে।অন্যহাতে,কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ৰাজ্যখনৰ উদ্ধাৰ অভিযানৰ বাবে উদ্ধাৰকাৰী দল পঠিয়াওৱাৰ কথাও ঘোষণা কৰে ।

আনহাতে ভূনিস্খলনেও ৰাজ্যখনৰ বহু ক্ষতিসাধন কৰিছে।তিৰুবনম্পুৰমত,এজন লোকৰ ঘৰৰ ৱাল খহি মৃত্যু হয়।আনফালে ইডুকিত হোৱা ভূমিস্খলনত কেৰেলাৰ ৱেষ্টাৰ্ন ঘাটত ৫জনকৈ লোকৰ মৃত্যু হয়।

১৯২৪চনৰ পিছত এই বৰ্ষৰ বৃষ্টিপাতে সমগ্ৰ কেৰেলাবাসীৰ মনত আতংকৰ সৃষ্টি কৰে অৰ্থাৎ ১৯২৪চনৰ পিছতে এনেকোৱা প্ৰলয়ংকাৰী বানৰ সৃষ্টি হয়।যাৰ সাক্ষী হৈ ৰৈছে সমগ্ৰ কেৰেলাবাসী।এতিয়ালৈ প্ৰায় ৭৫,০০০মানুহ সাহাৰ্য্য শিৱিৰত আছে।